গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

পীযুষ হাজৰীকাৰ কনভয় ৰখাই বিজেপিত যোগদান কংগ্ৰেছীৰ

RAIJOR BARTA September 15, 2026

 

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে আন এক সুখবৰ।

 ৰাইজৰ বাৰ্তা বিশেষ প্ৰতিবেদন 

নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে কংগ্ৰেছত অব্যাহত আছে দলত্যাগৰ ধুমুহা। এইবাৰ নিৰ্বাচনী সভা বা দলীয় কাৰ্যালয়ত নহয়, ৰাজপথতে মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয় ৰখাই বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে।

উজনি অসমৰ পৰা উভতি অহাৰ পথত মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয় ৰখাই জুৰীয়া আৰু ধিং অঞ্চলৰ অৰ্ধশতাধিক কংগ্ৰেছী নেতা-কৰ্মীয়ে মন্ত্ৰীগৰাকীক আদৰণি জনায়। ইয়াৰ পিছতে বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে আগন্তুক ১৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ কথা প্ৰকাশ কৰে বহু কংগ্ৰেছীয়ে।

উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি কংগ্ৰেছৰ নেতা-কৰ্মীৰ দলত্যাগৰ ঘটনা চৰ্চালৈ আহিছে। বিশেষকৈ নিৰ্বাচনক কেন্দ্ৰ কৰি তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ সাংগঠনিক শক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব নেকি, তাক লৈও ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা।

ইফালে, মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয় ৰখাই কংগ্ৰেছীৰ বিজেপিমুখী হোৱা ঘটনাই নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সাংগঠনিক শক্তি বৃদ্ধিৰ ইংগিত দিছে বুলি দলীয় মহলত চৰ্চা চলিছে। আগন্তুক দিনত আৰু অধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি দাবী কৰিছে বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণত ধাৰাবাহিকভাৱে পৰিৱৰ্তন—কংগ্ৰেছত খহনীয়া, বিজেপিত যোগদানৰ ধুমুহাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

Share this article

Facebook Twitter