কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিবনে ভূপেশ বাঘেলে?
নগাঁও লোকসভা উপ-নিৰ্বাচনত প্ৰাৰ্থী বাছনিক লৈ দলৰ ভিতৰচৰাত মতানৈক্যৰ চৰ্চা
ৰাইজৰ বাৰ্তা /বিশেষ প্ৰতিবেদন, ১২ ছেপ্টেম্বৰ: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতো এতিয়ালৈকে নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই কংগ্ৰেছে। প্ৰাৰ্থী বাছনিক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভিতৰত মতানৈক্যৰ সৃষ্টি হোৱাৰ বাবেই দলটোৱে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাত বিলম্ব হোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
এনে এক জটিল পৰিস্থিতিৰ মাজতে অসমলৈ আহিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ-নিযুক্ত তত্বাৱধায়ক হিচাপে দলীয় সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অসমলৈ অহা বাঘেলক আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দলীয় নেতা-কৰ্মীয়ে উষ্ম আদৰণি জনায়।
বিমানবন্দৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী, দলীয় বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আৰু বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।
নগাঁও উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে অসমত ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে। বিশেষকৈ কংগ্ৰেছৰ ভিতৰত প্ৰাৰ্থিত্বক লৈ চলি থকা আলোচনা, দলীয় সমীকৰণ আৰু সম্ভাৱ্য প্ৰাৰ্থীক কেন্দ্ৰ কৰি বিভিন্ন জল্পনা-কল্পনা অব্যাহত আছে। এনে সময়তে ভূপেশ বাঘেলৰ আগমনক বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে দেখা হৈছে।
দলীয় সূত্ৰৰ মতে, সাংগঠনিক বৈঠকত প্ৰদেশ কংগ্ৰেছৰ ভিতৰৰ বিভিন্ন বিষয়ৰ লগতে নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ বিষয়টোও গুৰুত্বসহকাৰে আলোচনা হোৱাৰ সম্ভাৱনা আছে। প্ৰাৰ্থী বাছনিক লৈ থকা মতানৈক্য আঁতৰাই দলটোক ঐক্যবদ্ধ কৰি নিৰ্বাচনী যুঁজৰ বাবে সাজু কৰাটো বাঘেলৰ সন্মুখত অন্যতম ডাঙৰ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে।
ইফালে, নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থকাৰ সময়তে প্ৰশ্ন উত্থাপন হৈছে—ভূপেশ বাঘেলৰ হস্তক্ষেপে কংগ্ৰেছৰ ভিতৰুৱা জটিলতা আঁতৰাই দলটোক পুনৰ সংগঠিত কৰিব পাৰিবনে? নে প্ৰাৰ্থী বাছনিক লৈ চলি থকা মতানৈক্যই নিৰ্বাচনী যুঁজত দলটোৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব?
আগন্তুক দিনত কংগ্ৰেছে কাক প্ৰাৰ্থী হিচাপে বাছনি কৰে আৰু দলীয় নেতৃত্বই কেনেদৰে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰে, তাৰ ওপৰতে নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱনাৰ এক বৃহৎ অংশ নিৰ্ভৰ কৰিব।
