গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

নগাঁৱৰ নতুন জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ আৰণ্যক শইকীয়াৰ

RAIJOR BARTA September 07, 2026


 

নগাঁৱৰ নতুন জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ আৰণ্যক শইকীয়াৰ

ৰাইজৰ বাৰ্তা / নগাঁও, ৭ ছেপ্তেম্বৰ: নগাঁও জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰণ্যক শইকীয়াই। সদ্যপ্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ পৰা তেওঁ জিলা আয়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

২০২০ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰণ্যক শইকীয়া দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজ আৰু দিল্লী স্কুল অৱ ইকনমিক্সৰ প্ৰাক্তন ছাত্ৰ। অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ আৰু এম.ফিল. ডিগ্ৰীধাৰী শইকীয়াই ২০১৯ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC) পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৫৯সংখ্যক স্থান লাভ কৰিছিল। ইয়াৰ পূৰ্বেও তেওঁ ২০১৭ আৰু ২০১৮ বৰ্ষৰ UPSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল।

নগাঁও জিলাত জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে আৰণ্যক শইকীয়াই কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ নগাঁও জিলাৰ সহকাৰী আয়ুক্ত, গোসাঁইগাঁও মহকুমাধিপতি আৰু অসমৰ মুখ্য সচিবৰ ষ্টাফ অফিচাৰ হিচাপেও গুৰুত্বপূৰ্ণ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে।

নৱনিযুক্ত জিলা আয়ুক্তগৰাকীৰ অভিজ্ঞতা আৰু প্ৰশাসনিক দক্ষতাই নগাঁও জিলাৰ সামগ্ৰিক উন্নয়ন আৰু জনসেৱামূলক কাম-কাজক অধিক গতিশীল কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে জিলাবাসীয়ে।

Share this article

Facebook Twitter