বোকাখাতত বিধ্বংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাইজৰ বাৰ্তা / ৩ ছেপ্টেম্বৰ
দেৰগাঁৱৰ পৰা গুৱাহাটীলৈ ওভতাৰ পথত বোকাখাতত শেহতীয়াকৈ সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাস্থলীত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে সংকটৰ সময়ত চৰকাৰৰ তৰফৰ পৰা পাৰ্যমানে সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে, সংকটৰ সময়ত সহায়ৰ এখনি হাত আৰু সকাহৰ এষাৰি মাতৰ গুৰুত্ব যথেষ্ট। এনে দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াটো চৰকাৰৰ দায়িত্ব।
মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে অগ্নিকাণ্ডত সৰ্বস্ব হেৰুওৱা লোকসকলক কিছু পৰিমাণে সাহস আৰু সকাহ প্ৰদান কৰিছে।
