ৰাইজৰ বাৰ্তা,ধিং- ধিং মহাবিদ্যালয়ৰ ৬১ সংখ্যক নৱাগত আদৰণী সভা দুদিনীয়াকৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি৷ বাৰ্ষিক আলোচনীকে ধৰি ৩ খন গ্ৰন্থ উন্মোচন৷ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন।
নগাঁও জিলাৰ উত্তৰ পশ্চিমাঞ্চলৰ এক মাত্ৰ উচ্চ শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সৌজন্যত ৬১ সংখ্যক নৱাগত আদৰণী সভা কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়৷
প্ৰথম দিনা কাৰ্যসুচী অনুুসৰি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° ইন্দ্ৰ নাৰায়ণ মহন্তই সভাপতিত্ব কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয় সহযোগী অধ্যাপক মুচলেহুল ইছলামে৷
আদৰণী ভাষণ আগবঢ়ায় ধিং মহাবিদ্যালয় অধ্যক্ষ ড° বিমান হাজৰিকা ই আৰু ছাত্ৰ একতা সভাৰ সম্পাদক মেৰাজুল ইছলামে৷
সভাত মুখ্য অতিথি হিচাপে ৰঙাপাৰা মহাবিদ্যালয় অধ্যক্ষ তথা অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক ড° ৰঞ্জন কলিতা উপস্হিত থাকি ভাষণ প্ৰদান কৰে৷ ইয়াৰ পিছতে বাৰ্তালোচনী ভাৰ্ভ, মহাবিদ্যালয় বাৰ্ষিক আলোচনী আৰু সঞ্জীৱ দেৱ নাথৰ এখন গ্ৰন্থ উন্মোচন কৰে৷ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নমিতা কলিতাই বাৰ্তালোচনী ভাৰ্ভ,মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰিয়াজুল হকে ধিং মহাবিদ্যালয় বাৰ্ষিক আলোচনী আৰু খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে সঞ্জীৱ দেৱ নাথৰ “MANUAL MUSHROOM
CALTIVATION” নামৰ ক্ৰমে তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰে৷ ইয়াৰ পিছতে ন-পুৰণি ছাত্ৰ- ছাত্ৰী একাষাৰ,শ্ৰেষ্ঠ স্নাতক (মেজৰ আৰু মাইনৰ) বটাঁ প্ৰদান অনুষ্ঠান,ড° ভূপেন হাজৰিকা সোঁৱৰণি আৰু কুইজ প্ৰতিযোগিতাৰ বটাঁ প্ৰদান,অধ্যাপক -অধ্যাপিকা। একিষাৰ আৰু শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয় উপাধ্যক্ষা ড° স্নিগ্ধা মহন্তই শেষত সভাপতি ভাষণৰে সভা ভংগ হয়৷
দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাৰ পৰা বিহু নৃত্য,আধুনিক নৃত্য,ভোৰ তাল নৃত্য,যোগা প্ৰদৰ্শন আদি বিভিন্ন নৃত্যানুষ্ঠান অনুষ্ঠিত হয়৷
দুপৰীয়া ১২ বজত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পন কৰে আৰু সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ আৰু অভিনেত্ৰী সুমন তেৰাংপিয়ে৷
সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় গায়িকা বিদীশা দেৱী গীতৰ শৰাইৰে অনুষ্ঠান সামৰণি পৰে৷








