গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

১নং দৰঙাপাৰত এটা মৃত বন্যহস্তী উদ্ধাৰ

RAIJOR BARTA September 18, 2026

   


তামুলপুৰৰ ভূটান সীমান্তত মৃত বন্যহস্তী উদ্ধাৰ

হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণক লৈ ৰহস্য, ঘটনাস্থলীত বন বিভাগৰ তদন্ত

ৰাইজৰ বাৰ্তা / তামুলপুৰ, ১৮ ছেপ্টেম্বৰ: তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ সমীপৰ ১নং দৰঙাপাৰত এটা মৃত বন্যহস্তী উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় লোকে অঞ্চলটোত বন্যহস্তীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছতে বিষয়টো বন বিভাগক অৱগত কৰে।

খবৰ লাভ কৰাৰ পাছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত বন্যহস্তীটোৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে। অৱশ্যে বৰ্তমানলৈকে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই।

হাতীটো স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰিলে নে আন কোনো কাৰণত মৃত্যু ঘটিল, সেই সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। বন বিভাগৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ইফালে, ভূটান সীমান্তৱৰ্তী অঞ্চলটোত বন্যহস্তীৰ উপস্থিতি নতুন কথা নহয়। এনে পৰিস্থিতিত মৃত হাতীটো কেনেদৰে আৰু কেতিয়া মৃত্যু হ’ল, সেই বিষয়টো বন বিভাগে গুৰুত্বসহকাৰে তদন্ত কৰি আছে।

ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজতো সৃষ্টি হৈছে উদ্বেগ। বন্যহস্তীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ শীঘ্ৰে পোহৰলৈ আনিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।

Share this article

Facebook Twitter