গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ৰাজপথত বাগৰিল প্ৰকাণ্ড গছ

RAIJOR BARTA September 03, 2026


 

সুন্দৰপুৰত নিশা অঘটন, ৰাজপথত বাগৰিল প্ৰকাণ্ড গছ

গুৱাহাটী, ৰাইজৰ বাৰ্তা:
মহানগৰীৰ সুন্দৰপুৰত নিশা সংঘটিত হয় এক অঘটন। ৰাজপথৰ ওপৰত হঠাৎ প্ৰকাণ্ড গছ বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় এগৰাকী বাইক আৰোহী

গছৰ তলত পৰি আহত হোৱা যুৱকজনক স্থানীয় লোকৰ সহায়ত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে **গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)**ত ভৰ্তি কৰোৱা হয়।

ইফালে, ৰাজপথৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত জু-ৰোডত নিশাৰ ভাগত সৃষ্টি হয় তীব্ৰ যান-জঁট। গছডাল পথৰ ওপৰত পৰি থকাৰ বাবে যান-বাহনৰ চলাচল ব্যাহত হয়।

ঘটনাৰ পিছত আৰক্ষী আৰু সংশ্লিষ্ট বিভাগৰ লোক ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিশাৰ সময়ত ব্যস্ত ৰাজপথত এনেদৰে গছ বাগৰি পৰাৰ ঘটনাই মহানগৰীৰ পথ সুৰক্ষা আৰু গছ-গছনিৰ নিৰাপত্তাক লৈও প্ৰশ্নৰ সৃষ্টি কৰিছে।

Share this article

Facebook Twitter