লামডিং-বদৰপুৰ পাৰ্বত্য ৰে’লপথৰ ১৬৯ কিলোমিটাৰ অংশৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ
ৰাইজৰ বাৰ্তা /যোৰহাট:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যোৰহাটত জিলা আয়ুক্তৰ সন্মিলনত ব্যস্ত থকাৰ মাজতে অসমবাসীৰ বাবে আহিল এক মন জুৰোৱা খবৰ। অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থাত সংযোজিত হ’ল এক ঐতিহাসিক মাইলৰ খুঁটি। ৰাজ্যখনৰ সমগ্ৰ ৰে’ল নেটৱৰ্ক এতিয়া ১০০ শতাংশ বৈদ্যুতিকীকৃত হৈছে।
সামাজিক মাধ্যমযোগে এই সুখবৰ ৰাইজক অৱগত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম পাহাৰীয়া ভূখণ্ডৰ মাজেৰে যোৱা ১৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাৰ্বত্য ৰে’লপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমে ৰে’ল বৈদ্যুতিকীকৰণৰ ক্ষেত্ৰত এই ঐতিহাসিক সফলতা অৰ্জন কৰিছে।
উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া আৰু দুৰ্গম ভূখণ্ডৰ বাবে লামডিং-বদৰপুৰ অংশৰ বৈদ্যুতিকীকৰণ এক প্ৰত্যাহ্বানমূলক কাম হিচাপে বিবেচিত হৈছিল। সেই প্ৰত্যাহ্বান অতিক্ৰম কৰি এই অংশৰ কাম সম্পূৰ্ণ হোৱাৰ ফলত অসমৰ ৰে’ল নেটৱৰ্কে লাভ কৰিলে নতুন গতি।
২০১৪ চনৰ পূৰ্বে অসমৰ বহু অঞ্চল ব্ৰডগজ ৰে’ল নেটৱৰ্কৰ সৈতেও সম্পূৰ্ণৰূপে সংযুক্ত নাছিল। কিন্তু বিগত সময়ছোৱাত ৰে’ল যোগাযোগৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত হোৱা ব্যাপক পৰিৱৰ্তনৰ ফলত আজি ৰাজ্যখনে ৰে’ল বৈদ্যুতিকীকৰণৰ ক্ষেত্ৰতো ১০০ শতাংশ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক ৰূপান্তৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁৰ মতে, অসমক দেশৰ অন্যান্য উন্নত ৰাজ্যসমূহৰ সৈতে সমানে আগুৱাই নিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে আৰু ৰে’ল যোগাযোগৰ ক্ষেত্ৰত হোৱা এই অগ্ৰগতি তাৰেই এক উল্লেখযোগ্য নিদৰ্শন।
অসমৰ ৰে’ল নেটৱৰ্কৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণে ৰাজ্যখনৰ যাতায়াত ব্যৱস্থাক অধিক আধুনিক, দক্ষ আৰু পৰিৱেশ অনুকূল কৰাৰ লগতে ভৱিষ্যতৰ উন্নয়নৰ পথো অধিক প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।
