কাছাৰৰ বৰখলাত বন্দুক দেখুৱাই ১০ লাখ টকাৰ দাবী! ঘৰত বলপূৰ্বক প্ৰৱেশ দুৰ্বৃত্তৰ
বৰখলা থানাত এজাহাৰ দাখিল জাবেদ হুছেইন বৰলস্কৰৰ
ৰাইজৰ বাৰ্তা / কাছাৰ / ২ছেপ্টেম্বৰ
কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ চেছৰী অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি, জাবেদ হুছেইন বৰলস্কৰৰ ঘৰত দুজন মাৰণাস্ত্ৰধাৰী দুৰ্বৃত্তই বলপূৰ্বকভাৱে প্ৰৱেশ কৰি বন্দুক দেখুৱাই ১০ লাখ টকা দাবী কৰে।
জানিব পৰা মতে, দুৰ্বৃত্ত দুজনে জাবেদ হুছেইনক বন্দুক দেখুৱাই বৃহৎ পৰিমাণৰ ধন দাবী কৰে। কিন্তু দাবী কৰা ১০ লাখ টকা দিব নোৱাৰাত দুৰ্বৃত্তই জাবেদ হুছেইনক মাৰপিট কৰাৰ অভিযোগ উঠিছে।
ইয়াৰ পিছতে দুৰ্বৃত্ত দুজনে জাবেদ হুছেইনৰ দুটাকৈ মোবাইল ফোন লৈ যায় বুলি অভিযোগ কৰিছে ভুক্তভোগীগৰাকীয়ে। লগতে, ১০ দিনৰ পিছত পুনৰ আহিব বুলি ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন হৈছে।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আৰু আতংকৰ পৰিৱেশ। ঘটনা সন্দৰ্ভত জাবেদ হুছেইন বৰলস্কৰে ইতিমধ্যে বৰখলা থানাত এজাহাৰ দাখিল কৰিছে।
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। বন্দুকধাৰী দুৰ্বৃত্ত দুজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে ভুক্তভোগী আৰু স্থানীয় লোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন হৈছে।
ঘটনাটোৰ আঁৰত কোন আছে আৰু কিয় ১০ লাখ টকা দাবী কৰা হৈছিল, সেই বিষয়ে আৰক্ষীৰ তদন্তৰ পিছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
