বালিপৰাৰ মিট চাপ্লাইত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী ইক’ বাহনৰ, থিতাতে নিহত ৫ যুৱক
ৰাইজৰ বাৰ্তা /শোণিতপুৰ, ১২ ছেপ্টেম্বৰ: শোণিতপুৰ জিলাৰ বালিপৰাৰ মিট চাপ্লাইত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে পাঁচজনকৈ যুৱকে।
জানিব পৰা মতে, তীব্ৰবেগী এখন ইক’ বাহনে পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে ইক’ বাহনখনত থকা পাঁচজন যুৱকেই ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।
দুৰ্ঘটনাত নিহত যুৱককেইজন হৈছে সঞ্জয় মেচ, হৰবিন্দ হাজুৱাৰী, পাপু বৰা, প্ৰাঞ্জল বণিয়া আৰু নয়ন স্বৰ্গীয়াৰী। নিহত আটাইকেইজন যুৱকেই ঘোঁৰামাৰী বতাবাৰী অঞ্চলৰ বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। ভয়ংকৰ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ। ইফালে, দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
