ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ বিয়োগত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ
ৰাইজৰ বাৰ্তা / ৩ ছেপ্টেম্বৰ, ২০২৬
ধিং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ বিয়োগত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰয়াত পাঠানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ জনসাধাৰণৰ কল্যাণ আৰু নিজৰ সমষ্টিৰ উন্নয়নৰ বাবে প্ৰয়াত পাঠানে কৰা কাম-কাজক মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। এক সামাজিক মাধ্যমৰ বাৰ্তাৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্ৰয়াত মোবাৰক আলী পাঠানৰ অৱদানসমূহ সদায় স্মৰণীয় হৈ ৰ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত পাঠানৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই কঠিন সময়ত ধৈৰ্য্য আৰু শক্তি লাভৰ বাবেও তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।
প্ৰয়াত পাঠানৰ মৃত্যুত ধিং সমষ্টিৰ লগতে সমগ্ৰ অসমৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত এক ডাঙৰ শূন্যতাৰ সৃষ্টি হৈছে।
