গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

দেৱেশ্বৰ বৰাৰ দুই সহযোগী অমিত স্বৰ্গীয়াৰি আৰু মুছাদিক আহমেদক গ্ৰেপ্তাৰ

RAIJOR BARTA September 18, 2026

 


ACS দেৱেশ্বৰ বৰাৰ কাণ্ডত দুই সহযোগী গ্ৰেপ্তাৰ

অমিত স্বৰ্গীয়াৰি আৰু মুছাদিক আহমেদক গ্ৰেপ্তাৰ বিশেষ তদাৰকী কোষৰ

ৰাইজৰ বাৰ্তা /গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ মাজতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ দুই সহযোগীক। গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে অমিত স্বৰ্গীয়াৰি আৰু মুছাদিক আহমেদ।

অভিযোগ অনুসৰি, দেৱেশ্বৰ বৰাৰ সৈতে মিলি দুয়োজনে মুখ্যমন্ত্ৰীক মিমিক্ৰি কৰি বিভিন্নজনৰ সৈতে যোগাযোগ কৰাৰ লগতে দুৰ্নীতিৰ কাৰ্যকলাপত সহযোগিতা কৰিছিল। এই অভিযোগৰ ভিত্তিতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্ত আগবঢ়াই নি দুয়োজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি ইতিমধ্যে তদন্ত তীব্ৰতৰ কৰি তোলা হৈছে। তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ হোৱা দুয়োজনৰ পৰা এই ঘটনাৰ সৈতে জড়িত বিভিন্ন তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে।

ইফালে, এই কাণ্ডৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো তদন্ত অব্যাহত আছে। তদন্তৰ পৰৱৰ্তী পৰ্যায়ত ঘটনাটোৰ সৈতে জড়িত আন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Share this article

Facebook Twitter