গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

কৰ্তব্যত গাফিলতিৰ অভিযোগত ডাঃ মৃদুপৱন নাথক চাকৰিৰ পৰা বৰ্খাস্ত

RAIJOR BARTA September 12, 2026

কৰ্তব্যত গাফিলতিৰ অভিযোগত ডাঃ মৃদুপৱন নাথক চাকৰিৰ পৰা বৰ্খাস্ত

DMCHৰ সহযোগী অধ্যাপক আছিল ডাঃ নাথ

ৰাইজৰ বাৰ্তা /ডিব্ৰুগড়: কৰ্তব্যত গাফিলতিৰ অভিযোগত ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাল (DMCH)ৰ সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

জানিব পৰা মতে, ২০২৪ চনৰ ১ মে’ৰ পৰা কৰ্তব্যত উপস্থিত নাছিল ডাঃ মৃদুপৱন নাথ। দীৰ্ঘদিন ধৰি কৰ্তব্যত অনুপস্থিত থকাৰ বিষয়টো গুৰুত্বসহকাৰে লৈ কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

কৰ্তব্যত অনুপস্থিতি আৰু গাফিলতিৰ অভিযোগৰ ভিত্তিত ডাঃ নাথক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ঘটনাই চিকিৎসা সেৱাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কৰ্তব্যত অনুপস্থিতি আৰু দায়িত্বহীনতাৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ স্থিতিৰ ইংগিত বহন কৰিছে।

Share this article

Facebook Twitter