গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

কাৰোৰে উচটনিত অসমৰ যুৱ প্ৰজন্ম ভুল পথে যাব নালাগে: হিমন্ত বিশ্ব শৰ্মা

RAIJOR BARTA September 02, 2026


 

‘মানুহ জন্ম দিয়া টান, কিন্তু শেষ কৰিবলৈ এক ছেকেণ্ডো নালাগে’ — মুখ্যমন্ত্ৰী

কাৰোৰে উচটনিত অসমৰ যুৱ প্ৰজন্ম ভুল পথে যাব নালাগে: হিমন্ত বিশ্ব শৰ্মা

ৰাইজৰ বাৰ্তা / গুৱাহাটী / 2 ছেপ্টেম্বৰ 

অসমৰ যুৱ প্ৰজন্মক কোনো ধৰণৰ উচটনি বা প্ৰৰোচনাৰ বলি নহ’বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেচবুকত মানুহৰ মাজত বৃদ্ধি পোৱা অধৈৰ্যতাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱ সমাজক সংযম আৰু দায়িত্বশীলতাৰ সৈতে আগবাঢ়িবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মানুহ জন্ম দিয়া টান, কিন্তু শেষ কৰিবলৈ এক ছেকেণ্ডো নালাগে। পৃথিৱীৰ আটাইতকৈ কাপুৰুষজনেও ধ্বংস কৰিব পাৰে।” জীৱন ধ্বংস কৰাটো সহজ যদিও এজন মানুহক গঢ়ি তোলাৰ আঁৰত বহু কষ্ট আৰু ত্যাগ জড়িত হৈ থাকে বুলি তেওঁ উল্লেখ কৰে।

ছ’চিয়েল মিডিয়াত কোনো এটা বিষয়ক লৈ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰৱণতা আৰু অধৈৰ্যতা সমাজৰ বাবে চিন্তাৰ বিষয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ফেচবুক বা অন্যান্য সামাজিক মাধ্যমত প্ৰকাশ পোৱা প্ৰতিটো কথাকে সত্য বুলি গ্ৰহণ নকৰি যুৱ প্ৰজন্মই বিষয়সমূহ বিবেচনা-বিশ্লেষণ কৰি সিদ্ধান্ত লোৱা উচিত।

তেওঁ বিশেষভাৱে অসমৰ যুৱ সমাজক উদ্দেশ্যি কয় যে কাৰোৰে উচটনি বা প্ৰৰোচনাত পৰি নিজৰ ভৱিষ্যৎ নষ্ট কৰিব নালাগে। যুৱ প্ৰজন্মই শান্তি, সংযম আৰু দায়িত্বশীলতাৰ পৰিচয় দি ৰাজ্যখনৰ উন্নয়নৰ অংশীদাৰ হ’ব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

মুখ্যমন্ত্ৰীৰ এই বক্তব্যই ছ’চিয়েল মিডিয়াৰ যুগত যুৱ প্ৰজন্মৰ মাজত ধৈৰ্য, বিবেচনা আৰু দায়িত্বশীল আচৰণৰ প্ৰয়োজনীয়তাক পুনৰবাৰ উজলাই তুলিছে

Share this article

Facebook Twitter