গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ধনীয়াভেটিৰ চৌৰাপাৰাত ফলকত হেঁচা খাই মৃত্যু দুটি কণমানিৰ

RAIJOR BARTA September 12, 2026


 

বটদ্ৰৱাত MGNREGAৰ ফলক বাগৰি শোকাৱহ ঘটনা

ফলকত হেঁচা খাই মৃত্যু দুটি কণমানিৰ, আহত এগৰাকী

বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ ধনীয়াভেটিৰ চৌৰাপাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। MGNREGA আঁচনিৰ এখন ফলক বাগৰি পৰাৰ ফলত দুগৰাকী কণমানি ছাত্ৰীৰ কৰুণ মৃত্যু ঘটাৰ লগতে এগৰাকী কণমানি গুৰুতৰভাৱে আহত হৈছে।

ঘটনাত মৃত্যু হোৱা কণমানি দুগৰাকী হৈছে তহিদা খাতুন আৰু ৰিমা খাতুন। আনহাতে, আহত কণমানিগৰাকীৰ নাম হালিমা খাতুন। আহত হালিমা খাতুনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, MGNREGA আঁচনিৰ কামৰ সৈতে সম্পৰ্কিত ফলকখন হঠাৎ বাগৰি কণমানিকেইগৰাকীৰ ওপৰত পৰে। ফলত ঘটনাস্থলীতে দুগৰাকী কণমানিৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী আহত হয়।

এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। কণমানি দুগৰাকীৰ অকাল মৃত্যুত পৰিয়াল তথা স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে শোক আৰু ক্ষোভৰ পৰিৱেশ।

ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু MGNREGAৰ ফলকখন কিয় এনেদৰে বাগৰি পৰিল, সেই সন্দৰ্ভত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। ফলকখন স্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি বা নিৰাপত্তাজনিত ত্ৰুটি আছিল নেকি, সেয়াও তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে ৰাইজে।

Share this article

Facebook Twitter