গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পথতে সন্ধানহীন ছাত্ৰী

RAIJOR BARTA September 06, 2026


 

বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পথতে সন্ধানহীন ছাত্ৰী

দেৰগাঁৱত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী অৰ্চনা দাস সন্ধানহীন; থানাত এজাহাৰ দাখিল পৰিয়ালৰ

ৰাইজৰ বাৰ্তা / দেৰগাঁও, ৬ ছেপ্টেম্বৰ: বিদ্যালয়ৰ পৰা ই-ৰিক্সাযোগে ঘৰলৈ উভতি অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে দেৰগাঁৱৰ এগৰাকী ছাত্ৰী। সন্ধানহীন ছাত্ৰীগৰাকী দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী অৰ্চনা দাস বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াৰ বাসিন্দা অৰ্চনা দাসে বিদ্যালয়ৰ পৰা ই-ৰিক্সাযোগে ঘৰলৈ যাত্ৰা কৰিছিল। কিন্তু ঘৰলৈ যোৱাৰ পথতে বা ঘৰ পোৱাৰ পাছৰে পৰা ছাত্ৰীগৰাকীৰ কোনো সন্ধান নোপোৱাত উদ্বিগ্ন হৈ পৰে পৰিয়ালৰ লোক। বহু সময় ধৰি ছাত্ৰীগৰাকীৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰাত পৰিয়ালৰ লোকে বিষয়টো দেৰগাঁও আৰক্ষীক অৱগত কৰে।

ঘটনাৰ পাছতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা দেৰগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ছাত্ৰীগৰাকীৰ হঠাৎ সন্ধানহীনতাক লৈ পৰিয়ালৰ লগতে অঞ্চলটোতো সৃষ্টি হৈছে উদ্বেগ আৰু উৎকণ্ঠাৰ পৰিৱেশ। কোনো লোকে ছাত্ৰীগৰাকীৰ সন্ধান লাভ কৰিলে অথবা তেওঁৰ বিষয়ে কোনো তথ্য লাভ কৰিলে পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

ছাত্ৰীগৰাকীৰ সন্ধান পালে ৯৬৭৮৩০১৫৪৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Share this article

Facebook Twitter