গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

‘‘টোলটেক্স নিদিলে অসমৰ বিকাশৰ বাবে টকা ক’ৰ পৰা আহিব?’’ — মুখ্যমন্ত্ৰী

RAIJOR BARTA September 02, 2026


 

‘‘টোলটেক্স নিদিলে অসমৰ বিকাশৰ বাবে টকা ক’ৰ পৰা আহিব?’’ — মুখ্যমন্ত্ৰী

ৰাইজৰ বাৰ্তা | গুৱাহাটী / ৩ ছেপ্টেম্বৰ

টোলটেক্সক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। টোলটেক্স আদায়ৰ ব্যৱস্থাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ উন্নয়নমূলক কামৰ বাবে টোলটেক্সৰ পৰা সংগৃহীত ধনৰ গুৰুত্ব আছে।

মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, ‘‘টোলগেটত টেক্স লোৱাৰ বাবেই আজি আমি টানেল পাইছোঁ, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিড’ৰ পাইছোঁ।’’

তেওঁ লগতে কয়, ‘‘আমি টোলটেক্স দিওঁ বছৰি এহাজাৰ কোটি টকা, তাৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে আঁচনি দিয়ে ১ লাখ কোটি টকা।’’

টোলটেক্সক লৈ বিতৰ্কৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘টোলটেক্স নিদিলে অসমৰ বিকাশৰ বাবে টকা ক’ৰ পৰা আহিব?’’

তেওঁ লগতে প্ৰশ্ন কৰে—প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে টকা ছপা নকৰে। ৰাজ্যৰ উন্নয়নমূলক কাম-কাজ জনগণৰ সহযোগিতাৰ জৰিয়তেই সম্ভৱ হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ মতে, ৰাজ্যৰ বিকাশৰ স্বাৰ্থত জনসাধাৰণে আনন্দৰে টোলটেক্স দিব লাগে। টোলটেক্সৰ জৰিয়তে সংগৃহীত ধন উন্নয়নমূলক আন্তঃগাঁথনি নিৰ্মাণত ব্যৱহাৰ হোৱাৰ কথাও উল্লেখ কৰে তেওঁ।

টোলটেক্সক লৈ চলি থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।

Share this article

Facebook Twitter