ডুমডুমাৰ দৈমুখীয়া চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা
ঘৰৰ ভিতৰত অগ্নিদগ্ধ হৈ সহকাৰী পৰিচালকৰ পত্নীৰ ৰহস্যজনক মৃত্যু, স্বামী আটক
ৰাইজৰ বাৰ্তা
ডুমডুমাৰ দৈমুখীয়া চাহ বাগিচাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ ৰহস্যৰ সৃষ্টি কৰিছে। চাহ বাগিচাখনৰ সহকাৰী পৰিচালক গগণদ্বীপ সিং ধিলনৰ পত্নী সমলিনা বৰাৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, বাগিচাখনৰ আৱাসিক চৌহদত থকা বাসগৃহৰ ভিতৰতে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয় সমলিনা বৰাৰ মৃতদেহ। ঘটনা সংঘটিত হোৱাৰ সময়ত স্বামী গগণদ্বীপ সিং ধিলনো উপস্থিত আছিল বুলি জানিব পৰা গৈছে। ঘটনাটোৰ প্ৰকৃত কাৰণক লৈ এতিয়াও সৃষ্টি হৈছে গভীৰ ৰহস্য।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সমলিনাৰ স্বামী গগণদ্বীপ সিং ধিলনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, প্ৰায় ডেৰ বছৰ পূৰ্বে গগণদ্বীপ সিং ধিলনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সমলিনা বৰা। কম সময়ৰ বৈবাহিক জীৱনৰ পাছতে সংঘটিত এই ৰহস্যজনক মৃত্যুক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীৰ তদন্তৰ পাছতহে সমলিনা বৰাৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
