যোৰহাটত তিনিদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
চিনামৰা ৰে’লৱে উৰণ সেতু আৰু নতুন জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে
ৰাইজৰ বাৰ্তা /যোৰহাট: তিনিদিনীয়া কাৰ্যসূচীৰে আজি যোৰহাটত উপস্থিত হ’ব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি যোৰহাটত ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰা হৈছে।
ভ্ৰমণকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই যোৰহাটৰ চিনামৰাত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৰে’লৱে উৰণ সেতু ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উৰণ সেতুখন মুকলি হোৱাৰ পাছত অঞ্চলটোৰ যানজঁট হ্ৰাস পোৱাৰ লগতে যাতায়াত ব্যৱস্থা অধিক সুচল হোৱাৰ আশা কৰা হৈছে।
ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে নতুন জিলা আয়ুক্তৰ কাৰ্যালয়ো আনুষ্ঠানিকভাৱে মুকলি কৰিব। প্ৰশাসনিক কাম-কাজ অধিক গতিশীল আৰু সুচল কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা নতুন কাৰ্যালয়টো যোৰহাটবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে বিবেচিত হৈছে।
মুখ্যমন্ত্ৰীৰ তিনিদিনীয়া যোৰহাট ভ্ৰমণৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী হৈছে দুদিনীয়া অসম আয়ুক্ত সন্মিলন। ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থা অধিক শক্তিশালী কৰা, উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ ত্বৰান্বিত কৰা আৰু চৰকাৰী সেৱা ৰাইজৰ ওচৰলৈ অধিক দক্ষতাৰে লৈ যোৱাৰ বিভিন্ন বিষয়ত সন্মিলনত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণক লৈ প্ৰশাসনীয় মহলৰ লগতে স্থানীয় ৰাইজৰ মাজতো বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সুকলমে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
