গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

গামোচাত সজীৱ জুবিন গাৰ্গৰ এলবাম

RAIJOR BARTA September 18, 2026

 


জুবিনক্ষেত্ৰত ৪৫০ ফুট দীঘল গামোচা

গুৱাহাটীৰ আজাৰাত ব্যতিক্ৰমী প্ৰয়াস — গামোচাত সজীৱ জুবিন গাৰ্গৰ এলবাম, গীত আৰু আলোকচিত্ৰ

ৰাইজৰ বাৰ্তা / গুৱাহাটীঃ জুবিন গাৰ্গৰ স্মৃতি আৰু সৃষ্টিৰাজীক সন্মান জনাই জুবিনক্ষেত্ৰত প্ৰদৰ্শিত হৈছে ৪৫০ ফুট দীঘল এখন বিশেষ গামোচা। অসমীয়া জাতিৰ পৰিচয়ৰ অন্যতম প্ৰতীক গামোচাখনত সন্নিৱিষ্ট কৰা হৈছে জনপ্ৰিয় শিল্পীগৰাকীৰ বিভিন্ন এলবামৰ নাম, গীতৰ নাম আৰু আলোকচিত্ৰ।

আজাৰাৰ দীপৰ বিলস্থিত AVACreations Handloom Experience Center-ত বিশেষভাৱে প্ৰস্তুত কৰা হৈছে এই ব্যতিক্ৰমী গামোচাখন। গামোচাখনত জুবিন গাৰ্গৰ সংগীতজীৱন আৰু সৃষ্টিশীলতাৰ বিভিন্ন দিশ প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে।

ইফালে, এই বিশেষ গামোচাখন Oitijjo Grameen Heritage Emporium-এ বিক্ৰী কৰিছে। জুবিনক্ষেত্ৰত গামোচাখনক লৈ ইতিমধ্যে অনুৰাগীৰ মাজত দেখা গৈছে বিশেষ আগ্ৰহ।

জুবিন গাৰ্গৰ গীত আৰু সৃষ্টিৰাজীৰ সৈতে অসমীয়া গামোচাৰ পৰম্পৰাক একেলগ কৰি নিৰ্মাণ কৰা এই ৪৫০ ফুট দীঘল গামোচাখনে শিল্পীগৰাকীৰ প্ৰতি থকা অনুৰাগীসকলৰ আবেগৰ এক অনন্য প্ৰতিফলন দাঙি ধৰিছে।

Share this article

Facebook Twitter