গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান আৰু নাই

RAIJOR BARTA September 02, 2026


 

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান আৰু নাই

হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি ল’লে প্ৰাক্তন বিধায়কগৰাকীয়ে

ৰাইজৰ বাৰ্তা: ৩ ছেপ্টেম্বৰ

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান আৰু নাই। আজি নিশা ক্ষন্তেক সময় পূৰ্বে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লয় প্ৰাক্তন বিধায়কগৰাকীয়ে।

জানিব পৰা মতে, আজি বিয়লি ভাগত হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক নগাঁৱৰ ডি অ’ কেয়াৰ নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে নিশা শেষ নিশ্বাস ত্যাগ কৰে মোবাৰক আলী পাঠানে।উল্লেখ্য যে, ২০০৬ চনৰ পৰা ২০১১ চনলৈ ধিং সমষ্টিক এ আই ইউ ডি এফ দলৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিল মোবাৰক আলী পাঠানে। বিধায়ক হিচাপে তেওঁ সমষ্টিটোৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল।পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদ দলৰ সৈতে জড়িত হয় আৰু বৰ্তমান অগপৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী বিষয়ববীয়া হিচাপে দায়িত্ব পালন কৰি আছিল।প্ৰাক্তন বিধায়কগৰাকীৰ আকস্মিক বিয়োগৰ খবৰে ধিং সমষ্টিৰ লগতে নগাঁও জিলাত শোকৰ ছাঁ পেলাইছে। তেওঁৰ মৃত্যুত বিভিন্ন ৰাজনৈতিক দল-সংগঠন, সামাজিক অনুষ্ঠান আৰু গুণমুগ্ধসকলে গভীৰ শোক প্ৰকাশ কৰিছে।

Share this article

Facebook Twitter