গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

উত্তৰ-পূৰ্বাঞ্চলত মূলধনী ব্যয় আৰু বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ বৈঠক

RAIJOR BARTA September 09, 2026


 

উত্তৰ-পূৰ্বাঞ্চলত মূলধনী ব্যয় আৰু বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ বৈঠক

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সাক্ষাৎ

ৰাইজৰ বাৰ্তা / নতুন দিল্লী: উত্তৰ-পূৰ্বাঞ্চলত মূলধনী ব্যয় আৰু বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেগালয় ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত অসম আৰু মেঘালয়ৰ আন্তঃগাঁথনি তথা সামাজিক খণ্ডৰ উন্নয়নক কেন্দ্ৰ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।                                    

বিশেষকৈ দুয়োখন ৰাজ্যত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ কাম-কাজ অধিক ত্বৰান্বিত কৰি নতুন বিনিয়োগৰ পথ মুকলি কৰাৰ ওপৰত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। আন্তঃগাঁথনি উন্নয়ন, সামাজিক খণ্ডৰ প্ৰকল্প আৰু মূলধনী ব্যয় বৃদ্ধিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাৰ বিষয়েও আলোচনা হয়।

বৈঠকত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এই বিষয়সমূহত ইতিবাচক সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ পৰিৱেশ অধিক শক্তিশালী কৰাৰ লগতে অসম আৰু মেঘালয়ত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহৰ গতি বৃদ্ধি কৰাত এই আলোচনাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

Share this article

Facebook Twitter