গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

কামাখ্যা জংচনত নকল সোণসহ বিহাৰৰ দুজন গ্ৰেপ্তাৰ

RAIJOR BARTA September 15, 2026

    


গুৱাহাটীৰ মালিগাঁৱৰ কামাখ্যা জংচনত নকল সোণসহ বহিঃৰাজ্যৰ দুজন লোকক গ্ৰেপ্তাৰ। 


ৰাইজৰ বাৰ্তা ৰ প্ৰতিবেদন 

ৰে’লৱে আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে সন্দেহজনক অৱস্থাত দুজন লোকৰ পৰা জব্দ কৰা হয় নাওসদৃশ আকৃতিৰ বৃহৎ পৰিমাণৰ নকল সোণ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন বিহাৰৰ বাসিন্দা মহম্মদ আছলাম আনছাৰী আৰু আলাউদ্দিন আনছাৰী বুলি জানিব পৰা গৈছে। তালাচীৰ সময়ত তেওঁলোকৰ পৰা জব্দ কৰা নকল সোণখিনিৰ মুঠ ওজন ১.৫৫৯ কিলোগ্ৰাম

ৰে’লৱে আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত দুয়োকে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। নকল সোণখিনি ক’ৰ পৰা ক’লৈ নিয়া হৈছিল আৰু ইয়াৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

কামাখ্যা জংচনত ৰে’লৱে আৰক্ষীৰ নিয়মীয়া তালাচীত নকল সোণ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Share this article

Facebook Twitter