কাটিগড়াত নিশা ভয়ংকৰ স্কুটী দুৰ্ঘটনা
ম'মো খাবলৈ ওলাই যোৱা ২০ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু, সিদ্ধেশ্বৰ এলেকাত শোকৰ ছাঁ
ৰাইজৰ বাৰ্তা /কাটিগড়া: নিশা কাটিগড়াৰ কে. এইচ. ৰোডৰ লাঠিমাৰা এলেকাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। স্কুটী দুৰ্ঘটনাত কৰুণভাৱে প্ৰাণ হেৰুৱালে এগৰাকী ২০ বছৰীয়া যুৱকে।
মৃত যুৱকজন সিদ্ধেশ্বৰ এলেকাৰ বাসিন্দা ফিৰোজ উদ্দিন বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, নিশা ম'মো খাবলৈ ঘৰৰ পৰা স্কুটী লৈ ওলাই গৈছিল ফিৰোজ। সেই সময়তে লাঠিমাৰা এলেকাত তেওঁৰ স্কুটীখন দুৰ্ঘটনাগ্ৰস্ত হয়।
দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ'ল, সেই বিষয়ে সম্পূৰ্ণ তথ্য এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। দুৰ্ঘটনাৰ পিছতে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও তেওঁৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।
মাত্ৰ ২০ বছৰ বয়সতে ফিৰোজ উদ্দিনৰ অকাল মৃত্যুৰ খবৰে সিদ্ধেশ্বৰসহ সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোক, আত্মীয়-স্বজন আৰু স্থানীয় ৰাইজে যুৱকজনৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
