জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই কাইলৈ ৰাজ্যজুৰি ‘পোহৰৰে চাকিগছি’
ৰাইজৰ বাৰ্তা / গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে কাইলৈ ৰাজ্যজুৰি আয়োজন কৰা হৈছে ‘পোহৰৰে চাকিগছি’ শীৰ্ষক বিশেষ অনুষ্ঠান। সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
গুৱাহাটীৰ লতাশিল খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হব ‘পোহৰৰে চাকিগছি’ অনুষ্ঠান। সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ লগতে বন্তি প্ৰজ্বলন কৰা হ’ব।
ইতিমধ্যে অনুষ্ঠানটোক কেন্দ্ৰ কৰি লতাশিল খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। অনুষ্ঠানৰ প্ৰস্তুতিৰ কিছু দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
জুবিন গাৰ্গৰ অগণন অনুৰাগীক কাইলৈৰ ‘পোহৰৰে চাকিগছি’ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ আহ্বান জনাইছে আয়োজকসকলে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো একে সময়তে জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ প্ৰস্তুতি চলিছে।
