গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

চাপৰ-শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক শাস্তিমূলক বদলি

RAIJOR BARTA September 06, 2026


 

চাপৰ-শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক শাস্তিমূলক বদলি

ৰাইজৰ অভিযোগৰ ভিত্তিত মৰিগাঁও জিলালৈ বদলি কংকন বৰা

ৰাইজৰ বাৰ্তা / চাপৰ, ৬ ছেপ্টেম্বৰ: চাপৰ-শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন বৰাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে। ৰাইজৰ পৰা উত্থাপিত একাধিক অভিযোগৰ ভিত্তিত আৰক্ষী বিষয়াগৰাকীক মৰিগাঁও জিলালৈ বদলি কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত কংকন বৰাৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰাইজে অভিযোগ উত্থাপন কৰি অহাৰ পিছতে এই বদলিৰ নিৰ্দেশ আহিছে বুলি জানিব পৰা গৈছে। বিষয়াগৰাকীৰ বদলিক কেন্দ্ৰ কৰি চাপৰ-শালকোচা অঞ্চলত চৰ্চা অব্যাহত আছে।

Share this article

Facebook Twitter