ধিঙৰ ধূপগুৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা।
কংগ্ৰেছক সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ, বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান।
সভাত অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আৰু দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। ভাষণত তেওঁলোকে আগন্তুক ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়। লগতে নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব শক্তিশালী কৰিবলৈ বিজেপিৰ পক্ষত ভোটদানৰ আহ্বান জনায়।
সভাত নগাঁও-বটদ্ৰোৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, লামডিং সমষ্টিৰ বিধায়ক শিৱ মিশ্ৰকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। আয়োজকসকলৰ মতে, সভাখনত ধিং সমষ্টিৰ প্ৰায় ছয় শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।
টুকটুকীৰ পৰা জালাল উদ্দিন আহমেদ ৰ ৰিপোৰ্ট




