নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নিউ বঙাইগাঁও GRPৰ অভিযান
৭৩ গ্ৰাম হেৰ’ইন আৰু ১৬ কেজি গাঞ্জাসহ ৩জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নিউ বঙাইগাঁও GRPৰ বৃহৎ অভিযান। অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে তিনিজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে চলোৱা অভিযানত ৭৩ গ্ৰাম হেৰ’ইন আৰু ১৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয়। জব্দ কৰা নিচাজাতীয় দ্ৰব্যখিনিৰ সৈতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ জালত পৰা লোককেইজনক নিতিশ কুমাৰ, আৰিফ আৰু নিতিশ কুমাৰ বুলি জানিব পৰা গৈছে। অৱশ্যে অভিযুক্তসকলৰ সম্পূৰ্ণ পৰিচয় আৰু তেওঁলোকৰ সৈতে ড্ৰাগছখিনি ক’ৰ পৰা আহিছিল তথা ক’লৈ সৰবৰাহৰ পৰিকল্পনা আছিল, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে নিউ বঙাইগাঁও GRPৰ এই সফল অভিযানক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি ৰে’লৱে আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে।
