দুলীয়াজানত অইলৰ নলাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
মৃতদেহত আঘাতৰ চিন, ঘটনাক লৈ চাঞ্চল্য
ৰাইজৰ বাৰ্তা / দুলীয়াজান, ১৯ ছেপ্টেম্বৰ: দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক অঞ্চলত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত যুৱকৰ মৃতদেহ। অইলৰ এটা নলাত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
স্থানীয় লোকৰ নজৰত অহাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। আৰক্ষীয়ে নলাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে। মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ কথাও জানিব পৰা গৈছে। ফলত যুৱকজনৰ মৃত্যু কেনেদৰে সংঘটিত হ’ল, সেয়া লৈ সৃষ্টি হৈছে ৰহস্যৰ।
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাল (AMCH)লৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষীয়ে আশা কৰিছে।
ইতিমধ্যে মৃত যুৱকজনৰ পৰিচয় জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাটো দুৰ্ঘটনা, নে আন কোনো কাৰণত যুৱকজনৰ মৃত্যু ঘটিল, সেই সন্দৰ্ভতো তদন্ত আগবঢ়াইছে আৰক্ষীয়ে।
