মৈৰাবাৰীত বিশেষভাৱে সক্ষম ব্যক্তিলৈ সহায়ক সঁজুলি আৰু হুইলচেয়াৰ বিতৰণ । কাৰ্যসূচীত অংশগ্ৰহণ ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰৰ।
ৰাইজৰ বাৰ্তা, মৈৰাবাৰী, ১ ছেপ্টেম্বৰ:
মৈৰাবাৰী ৰাষ্ট্ৰভাষা মধ্য ইংৰাজী বিদ্যালয়ত আজি বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সহায়ক সঁজুলি আৰু হুইলচেয়াৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে।
অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু ALIMCO-ৰ যুটীয়া সহযোগত তথা মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই জনকল্যাণমূলক কাৰ্যসূচীৰ জৰিয়তে বিশেষভাৱে সক্ষম ব্যক্তিসকলক বিভিন্ন সহায়ক সঁজুলি আৰু হুইলচেয়াৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত বিধায়ক মেহবুব মুক্তাৰে কয় যে, বিশেষভাৱে সক্ষম ব্যক্তিসকলক কেৱল সহায় আগবঢ়োৱাই চৰকাৰৰ লক্ষ্য নহয়; সমাজৰ প্ৰতিগৰাকী নাগৰিকৰ সম অধিকাৰ, মৰ্যাদা, স্বাধীনতা আৰু গতিশীলতা নিশ্চিত কৰাটোৱেই মূল উদ্দেশ্য। বিশেষভাৱে সক্ষম ভাই-ভনীসকলক সমাজৰ মূলসুঁতিলৈ আনি তেওঁলোকক আত্মনিৰ্ভৰশীল আৰু সবল কৰি তোলাৰ বাবে চৰকাৰ সদায় দায়বদ্ধ বুলিও তেওঁ উল্লেখ কৰে।
এই ধৰণৰ জনকল্যাণমূলক পদক্ষেপে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ দৈনন্দিন জীৱন অধিক সহজ, স্বাভাৱিক আৰু স্বাৱলম্বী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
কাৰ্যসূচী সফল কৰি তোলাৰ বাবে বিধায়কগৰাকীয়ে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সংশ্লিষ্ট বিষয়া-বিষয়ববীয়া আৰু কৰ্মচাৰী, ALIMCO-ৰ প্ৰতিনিধিসকলৰ লগতে ধিং সমষ্টিৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে


