বিজেপিত যোগদান প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ প্ৰাক্তন প্ৰশাসনিক বিষয়াগৰাকী
ৰাইজৰ বাৰ্তা / বিশেষ প্ৰতিবেদন: ৰাজনীতিত নতুন অধ্যায়ৰ পাতনি মেলিলে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়াগৰাকীয়ে।
উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। এনে সময়তে প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিজেপিত যোগদানে বিশেষ তাৎপৰ্য বহন কৰিছে। উপ-নিৰ্বাচনত বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত তেওঁৰ নাম অন্যতম দাবীদাৰ হিচাপে চৰ্চালৈ আহিছে।
ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে প্ৰশাসনিক সেৱাৰ চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছিল দেৱাশীষ শৰ্মাই। ইয়াৰ পাছতে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি বিজেপিৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্ক স্থাপন কৰে তেওঁ।
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ বিজেপিয়ে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে, সেয়া এতিয়াও চূড়ান্ত হোৱা নাই যদিও দেৱাশীষ শৰ্মাৰ যোগদানে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণত নতুন মাত্ৰা সংযোজন কৰিছে।


