নিজ গৃহতে কিশোৰক গ্ৰীলত বান্ধি নিৰ্যাতনৰ অভিযোগ, চিকিৎসালয়ত মৃত্যু
ৰাইজৰ বাৰ্তা / ক্ষেত্ৰী, ৬ ছেপ্টেম্বৰ: ক্ষেত্ৰীত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিজ গৃহতে এগৰাকী ১৭ বছৰীয়া কিশোৰক গ্ৰীলত বান্ধি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্যাতনৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰা কিশোৰজনক প্ৰথম অৱস্থাত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়।
জানিব পৰা মতে, কিশোৰজনৰ নাম গান্দিপ শৰ্মা। কোনো দুৰ্বৃত্তই কিশোৰজনক নিজ গৃহতে গ্ৰীলত বান্ধি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজে কিশোৰজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতো কিশোৰজনৰ অৱস্থাৰ অৱনতি ঘটে আৰু পৰৱৰ্তী সময়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে বুলি জানিব পৰা গৈছে।
ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। কিশোৰজনক কিয় আৰু কি পৰিস্থিতিত গ্ৰীলত বান্ধি নিৰ্যাতন চলোৱা হৈছিল, সেই সন্দৰ্ভত এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই।
ঘটনাটোৰ আঁৰত কোন জড়িত আৰু কিশোৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি, সেই বিষয়ে আৰক্ষীৰ তদন্ততহে সমগ্ৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ঘটনাটোৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।
ঘটনাটোৱে কিশোৰজনৰ পৰিয়ালৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে।
