গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

দুজন গ্ৰেপ্তাৰ

RAIJOR BARTA September 17, 2026

   


চৰাইদেউত আলফা (স্বা) বিৰোধী অভিযান অব্যাহত

আলফা স্বাধীনক সহায়-সহযোগিতাৰ অভিযোগত দুজন গ্ৰেপ্তাৰ, আন দুজন আটক

ৰাইজৰ বাৰ্তা /চৰাইদেউ, 

১৭ ছেপ্টেম্বৰ: চৰাইদেউ জিলাত নিষিদ্ধ সংগঠন আলফা (স্বা)-ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। আৰক্ষীয়ে অভিযান চলাই আলফা (স্বা)-ক সহায়-সহযোগিতা কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে মৰাণ ন-খাতৰ পাৰ্থ প্ৰতীম বৰুৱা আৰু চৰাইদেউৰ দলবাগানৰ আব্দুল সাত্তাৰ। আৰক্ষীৰ অভিযোগ অনুসৰি, দুয়োজনৰ বিৰুদ্ধে আলফা (স্বা)-ক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়োৱাৰ অভিযোগ আছে।

ইফালে, আলফা (স্বা)-ৰ লিংকমেন হিচাপে কাম কৰাৰ সন্দেহত আৰক্ষীয়ে আন দুজন লোককো আটক কৰিছে। আটকাধীন লোক দুজনক সোধা-পোছা চলাই সংগঠনটোৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ যোগাযোগ আছে নেকি, সেই বিষয়ে তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ এই অভিযানৰ পাছত চৰাইদেউ জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে। গ্ৰেপ্তাৰ আৰু আটকাধীন লোকসকলৰ বিৰুদ্ধে থকা অভিযোগৰ সত্যতা নিৰূপণৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Share this article

Facebook Twitter