গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

মৈৰাবাৰীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

RAIJOR BARTA September 08, 2026


 

মৈৰাবাৰীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

ৰাইজৰ বাৰ্তা / মৈৰাবাৰী, ৮ ছেপ্টেম্বৰ: অসমৰ সংগীত জগতৰ মহীৰূহ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহান শিল্পীগৰাকীক স্মৰণ কৰা হয়।

মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেম্পাছ ‘A’ আৰু ‘B’ত ড০ ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱাই বিদ্যালয় চৌহদত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ অধ্যক্ষ ৰিয়াজুল ইছলাম চৌধুৰীয়ে।

অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে সুধাকণ্ঠৰ কালজয়ী গীত পৰিৱেশন কৰাৰ লগতে তেওঁৰ গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰি মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি, সংগীত আৰু মানৱতাবাদী আদৰ্শ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানত বিদ্যালয়খনৰ সমগ্ৰ পৰিৱেশ সংগীতময় হৈ পৰে।

উল্লেখ্য যে, নিজৰ সৃষ্টিৰাজিৰ জৰিয়তে অসমৰ ভাষা-সংস্কৃতি আৰু মানৱতাৰ বাণী বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা ড০ ভূপেন হাজৰিকাৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত এনেধৰণৰ অনুষ্ঠানৰ বিশেষ তাৎপৰ্য আছে।

Share this article

Facebook Twitter