মৈৰাবাৰীত চোৰাংভাৱে অনা উট উদ্ধাৰ, এজন আটক
ৰাইজৰ বাৰ্তা / মৈৰাবাৰী, ৫ ছেপ্টেম্বৰ:
মৈৰাবাৰীত চোৰাংভাৱে অনা এটা উট উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই উটটো উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন লোকক আটক কৰিছে।
আটকাধীন লোকজন মৈৰাবাৰীৰ তাঁতীকটাৰ মাইনুল হক বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, মাইনুল হকেই উটটো মৈৰাবাৰীলৈ অনা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে।
উটটো ক’ৰ পৰা অনা হৈছিল আৰু কি উদ্দেশ্যে মৈৰাবাৰীলৈ অনা হৈছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে ঘটনাটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
ইফালে, আৰক্ষীয়ে উদ্ধাৰ কৰা উটটো বৰ্তমান মৈৰাবাৰী আৰক্ষী থানাত ৰখা হৈছে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।
