নগাঁৱৰ নিৰ্বাচনক লৈ ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰক মন্তব্য
‘নগাঁৱত এইবাৰ জিকিব নোৱাৰিলে ১০০ বছৰলৈ জিকিব নোৱাৰিব’—ৰেজাউল কৰিম সৰকাৰ
ৰাইজৰ বাৰ্তা / ৩ ছেপ্টেম্বৰ
নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ তীব্ৰ হৈছে ৰাজনৈতিক তৎপৰতা। ইয়াৰ মাজতে নগাঁৱৰ নিৰ্বাচনী সমীকৰণক লৈ বিস্ফোৰক মন্তব্য কৰিছে ৰেজাউল কৰিম সৰকাৰে।
ৰেজাউল কৰিম সৰকাৰে দাবী কৰে যে, “নগাঁৱত এইবাৰ জিকিব নোৱাৰিলে ১০০ বছৰলৈ জিকিব নোৱাৰিব।” লগতে নগাঁও লোকসভা সমষ্টিত থকা প্ৰায় ১২ লাখ মিঞা ভোট এইবাৰ মিঞাৰ পক্ষত যাব বুলিও মন্তব্য কৰে তেওঁ।
তেওঁৰ এই মন্তব্যৰ পাছতে নগাঁৱৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক চৰ্চা। আগন্তুক উপ-নিৰ্বাচনত সংখ্যালঘু ভোটৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ হ’ব, তাক লৈও আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক বিশ্লেষণ।
উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। এনে সময়তে ৰেজাউল কৰিম সৰকাৰৰ এই মন্তব্যই নগাঁৱৰ নিৰ্বাচনী ৰাজনীতিত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
