২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভূপেনদাৰ জন্মশতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠান
গুৱাহাটী: সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠানক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে। এই উপলক্ষে আজি লোকসেৱা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়।
উল্লেখ্য যে, অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপনৰ বিশেষ সামৰণী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা। অনুষ্ঠানত ভূপেনদাৰ অনন্য সৃষ্টিশীলতা, সংগীত আৰু কালজয়ী শিল্পীসত্তাক বিশেষভাৱে উদযাপন কৰা হ’ব।
সামৰণী অনুষ্ঠানত এক বিশাল সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ড° ভূপেন হাজৰিকাৰ জীৱন, সংগীত আৰু সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানক আলোকপাত কৰি বিশেষ প্ৰদৰ্শনী আৰু স্মাৰক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। অনুষ্ঠানটিত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ উপস্থিতিয়েও বিশেষ তাৎপৰ্য বহন কৰিব।
ভূপেন হাজৰিকাৰ সংগীত কেৱল অসমৰ মাজতে সীমাবদ্ধ নাছিল। তেওঁৰ সৃষ্টিয়ে অসমৰ সংস্কৃতি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চেতনাক সমগ্ৰ দেশৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীত তেওঁক স্মৰণ কৰি তেওঁৰ কণ্ঠই অসমৰ আত্মা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চেতনাক সমগ্ৰ দেশলৈ লৈ যোৱা বুলি উল্লেখ কৰিছে।
এই পৰিপ্ৰেক্ষিতত জন্মশতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠানটো স্মৰণীয় কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন আৰু তথ্য আৰু জনসংযোগ বিভাগক প্ৰয়োজনীয় প্ৰস্তুতি আৰু সমন্বয়ৰ বাবে নিৰ্দেশনা প্ৰদান কৰে।
উল্লেখ্য, ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীত ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিল।
