গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈত শোকাৱহ ঘটনা

RAIJOR BARTA September 13, 2026


 

ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈত শোকাৱহ ঘটনা

নৈৰ সোঁতত উটি গৈ কৰুণ মৃত্যুক সাৱটিলে জাপান দাসে

ৰাইজৰ বাৰ্তা /ঢকুৱাখনা: ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নৈ পাৰ হ’বলৈ যোৱাৰ সময়ত প্ৰবল সোঁতত উটি গৈ কৰুণ মৃত্যুক সাৱটি ল’লে কচুগাঁৱৰ জাপান দাস নামৰ এজন লোকে।

জানিব পৰা মতে, শনিবাৰে বিয়লি গৰু বান্ধিবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল জাপান দাস। গৰু বান্ধিবলৈ যাওঁতেই চাৰিকড়ীয়া নৈৰ সোঁতত উটি যোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাৰ পিছতে SDRFৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশেষত আজি পুৱা ঢকুৱাখনা কলেজৰ পাছফালে নৈৰ পৰা জাপান দাসৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRFৰ উদ্ধাৰকাৰী দলে।

মৃত জাপান দাস আছিল এগৰাকী সুদক্ষ ঢুলীয়া আৰু সাঁতোৰবিদ। তেওঁৰ এনে আকস্মিক আৰু কৰুণ মৃত্যুৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। পৰিয়ালৰ লোক তথা আত্মীয়-স্বজনৰ মাজত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ।

Share this article

Facebook Twitter