দিল্লীৰ অট্টালিকা খহাৰ ঘটনাত অসমৰ ছাত্ৰ আৱদ্ধ হৈ থকাৰ আশংকা
ছাউথ কেম্পাছৰ PGত অসমৰ বহু ছাত্ৰ-ছাত্ৰী বাস; ঘটনাস্থলীৰ পৰা আহিছে হৃদয় বিদাৰক দৃশ্য
ৰাইজৰ বাৰ্তা / নতুন দিল্লী:
দিল্লীত সংঘটিত ভয়ংকৰ অট্টালিকা খহি পৰাৰ ঘটনাক কেন্দ্ৰ কৰি উদ্বেগৰ সৃষ্টি হৈছে অসমৰ ছাত্ৰ-ছাত্ৰীক লৈ। জানিব পৰা মতে, দিল্লীৰ ছাউথ কেম্পাছৰ বিভিন্ন PGত অসমৰ বহু ছাত্ৰ-ছাত্ৰী বাস কৰে। ফলত দুৰ্ঘটনাগ্ৰস্ত অঞ্চলটোত কোনো অসমীয়া ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে নেকি, তাক লৈ পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজত উৎকণ্ঠাই দেখা দিছে।
অট্টালিকাটো হঠাৎ খহি পৰাৰ ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ। উদ্ধাৰকাৰী বাহিনীয়ে ধ্বংসাৱশেষৰ মাজত আৱদ্ধ লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। ইফালে ঘটনাস্থলীৰ পৰা প্ৰকাশ পোৱা এটাৰ পিছত আনটো হৃদয় বিদাৰক দৃশ্যই অধিক শংকিত কৰি তুলিছে সাধাৰণ ৰাইজক।
অসমৰ পৰা দিল্লীত শিক্ষা গ্ৰহণৰ বাবে যোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে ছাউথ কেম্পাছ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ PGত থাকে। সেয়ে ঘটনাটোৰ পিছত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাক লৈ স্বাভাৱিকতে উদ্বেগ বৃদ্ধি পাইছে।
বৰ্তমানলৈকে কোনো অসমীয়া ছাত্ৰ-ছাত্ৰীৰ আৱদ্ধ বা হতাহত হোৱাৰ বিষয়ে নিশ্চিত তথ্য পোৱা হোৱা নাই। অৱশ্যে পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ লগতে উদ্ধাৰ অভিযানৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।
ঘটনাটোক লৈ অসমৰ বিভিন্ন প্ৰান্তত থকা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালসমূহে দিল্লীত থকা নিজৰ সন্তানৰ সৈতে যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছে। ঘটনাৰ সম্পূৰ্ণ তথ্য আৰু আৱদ্ধ লোকসকলৰ বিষয়ে স্পষ্ট ছবি উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
