প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ছিদ্দিক আহমেদৰ দেহাৱসান
ৰাইজৰ বাৰ্তা : ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ শোকৰ ছাঁ। প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি ৰাজনীতিৰ সৈতে জড়িত হৈ থকা ছিদ্দিক আহমেদে ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগী, শুভাকাংক্ষী আৰু ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে।
তেওঁৰ মৃত্যুত বিভিন্নজন ৰাজনৈতিক নেতা, দল-সংগঠন আৰু শুভাকাংক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
ছিদ্দিক আহমেদৰ দেহাৱসানে ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্ৰখনত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।
