গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

চেবিনা বেগম, জেচমিন চৌধুৰীলৈ ‘অধ্যাপক ভৱপ্ৰসাদ চলিহা প্ৰতিভা বঁটা’

RAIJOR BARTA September 11, 2026


 চেবিনা বেগম, জেচমিন চৌধুৰীলৈ ‘অধ্যাপক ভৱপ্ৰসাদ চলিহা প্ৰতিভা বঁটা’

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখলৰ স্বীকৃতি

ৰাইজৰ বাৰ্তা / গুৱাহাটী: শৈক্ষিক ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা দুই মেধাৱী ছাত্ৰীলৈ প্ৰদান কৰা হ’ল সন্মানীয় ‘অধ্যাপক ভৱপ্ৰসাদ চলিহা প্ৰতিভা বঁটা’। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৩ আৰু ২০২৫ বৰ্ষৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা ক্ৰমে চেবিনা বেগম আৰু জেচমিন চৌধুৰীক এই বঁটাৰে সন্মানিত কৰা হয়।

অধ্যাপক ভৱপ্ৰসাদ চলিহা স্মাৰক ন্যাসৰ উদ্যোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মেধাৱী ছাত্ৰী দুগৰাকীক স্মাৰক, মানপত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়।

বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে অধ্যাপক ভৱপ্ৰসাদ চলিহা স্মাৰক ন্যাসৰ সচিব কমলাকান্ত বৰাই। শৈক্ষিক ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ স্বীকৃতি হিচাপে প্ৰদান কৰা এই বঁটাই ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ন আৰু জ্ঞানৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

উল্লেখযোগ্য যে, মেধা আৰু একাগ্ৰতাৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰা চেবিনা বেগম আৰু জেচমিন চৌধুৰীক এইদৰে সন্মান জনোৱাই অনুষ্ঠানটোৰ বিশেষ তাৎপৰ্য বহন কৰে।

Share this article

Facebook Twitter