গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপত উত্তপ্ত পৰিস্থিতি

RAIJOR BARTA September 19, 2026

 


নগাঁৱত সেনা জোৱানৰ পৰিচয়েৰে যুৱতীক প্ৰৱঞ্চনাৰে লৈ যোৱাৰ অভিযোগ

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপত উত্তপ্ত পৰিস্থিতি; দুই যুৱকক আটক

ৰাইজৰ বাৰ্তা / নগাঁও

নগাঁৱত সেনা জোৱানৰ পৰিচয় ব্যৱহাৰ কৰি এগৰাকী যুৱতীক প্ৰৱঞ্চনাৰে লৈ যোৱাৰ চেষ্টা চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপত সংঘটিত এই ঘটনাক লৈ স্থানীয় ৰাইজে দুজন যুৱকক আটক কৰি পিছত আৰক্ষীৰ হাতত গতাই দিয়ে।

অভিযোগ অনুসৰি, জখলাবন্ধাৰ চাইফাউল্লাহ আলম আৰু মাইনুল ভূঁঞা নামৰ দুজন যুৱকে নিজকে সেনা বাহিনীৰ সৈতে জড়িত বুলি পৰিচয় দি এগৰাকী যুৱতীৰ সৈতে যোগাযোগ স্থাপন কৰিছিল। সেনা বাহিনীৰ অধীনস্থ দিল্লীৰ এটা প্ৰতিষ্ঠানত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক লগত লৈ যোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

কিন্তু যুৱতীগৰাকীৰ সন্দেহ ওপজাত তেওঁ বিষয়টো স্থানীয় লোকক অৱগত কৰে। ইয়াৰ পাছতে স্থানীয় ৰাইজে দুয়ো যুৱকক কৰায়ত্ত কৰে। ঘটনাস্থলীত একাংশ লোক উত্তেজিত হৈ দুয়োকে ৰাজপথত আঠু কঢ়াই সোধা-পোছা কৰাৰ লগতে উত্তম-মধ্যম সোধোৱাৰ অভিযোগো উত্থাপিত হৈছে।

পিছত ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ চাইফাউল্লাহ আলম আৰু মাইনুল ভূঁঞাক আটক কৰে। আৰক্ষীয়ে যুৱক দুজনে ব্যৱহাৰ কৰা এখন মহিন্দ্ৰা থাৰ বাহনো জব্দ কৰিছে।

ঘটনাটোক কেন্দ্ৰ কৰি প্ৰৱঞ্চনাৰ অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যুৱতীগৰাকীক প্ৰকৃততে ক’লৈ আৰু কি উদ্দেশ্যেৰে লৈ যোৱাৰ চেষ্টা চলোৱা হৈছিল, লগতে অভিযুক্ত দুজনৰ সেনা বাহিনীৰ সৈতে কোনো প্ৰকৃত সম্পৰ্ক আছে নেকি—সেই বিষয়ে আৰক্ষীৰ তদন্তৰ পাছতহে অধিক তথ্য পোহৰলৈ আহিব।

Share this article

Facebook Twitter