গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ধিঙত বনগাহৰিৰ আক্ৰমণত কৃষক আহত

RAIJOR BARTA September 06, 2026


 পথাৰৰ পৰা গৰু আনিবলৈ যাওঁতেই আক্ৰমণ, ধিং FRUত চিকিৎসাধীন

ৰাইজৰ বাৰ্তা / ধিং, ৬ ছেপ্টেম্বৰ: নগাঁও জিলাৰ ধিং অঞ্চলত বনগাহৰিৰ আক্ৰমণত এজন কৃষক আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আহত কৃষকজন ধিঙৰ কান্ধুলিমাৰী গাঁৱৰ আতাবুৰ ৰহমান বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আতাবুৰ ৰহমানে পথাৰৰ পৰা গৰু আনিবলৈ যোৱাৰ সময়তে হঠাৎ এটা বনগাহৰিয়ে তেওঁক আক্ৰমণ কৰে। আক্ৰমণৰ ফলত বনগাহৰিৰ কামোৰত লোকজন গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ পাছতে স্থানীয় লোকৰ সহযোগত আহত আতাবুৰ ৰহমানক ততাতৈয়াকৈ ধিং প্ৰথমিক স্বাস্থ্য কেন্দ্ৰ (FRU)ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে ধিং অঞ্চলৰ বিভিন্ন ঠাইত বনগাহৰিৰ বিচৰণ বৃদ্ধি পোৱাৰ ফলত কৃষক তথা স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বনগাহৰিৰ আক্ৰমণৰ পৰা ৰাইজক সুৰক্ষা দিয়াৰ লগতে এনে বন্যপ্ৰাণীৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট বন বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Share this article

Facebook Twitter