কিশোৰক মহটিয়াই ১০০ মিটাৰতকৈ অধিক দূৰলৈ চোঁচৰাই নিলে বাহনে, উত্তেজিত ৰাইজে ভাঙিলে দুৰ্ঘটনাগ্ৰস্ত বাহন
ৰাইজৰ বাৰ্তা /তামাৰহাট: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তামাৰহাটৰ ধুতুৰামাৰীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ১২৭(বি) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত AS16 K 4722 নম্বৰৰ এখন বাহনে এগৰাকী কিশোৰক মহটিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, দুৰ্ঘটনাত নুৰ আলম নামৰ কিশোৰজনক বাহনখনে মহটিয়াই নিয়াৰ পিছত প্ৰায় ১০০ মিটাৰতকৈও অধিক দূৰলৈ চোঁচৰাই নিয়ে। ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।
দুৰ্ঘটনাৰ পিছতে উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ভাঙি চূৰমাৰ কৰে। আনহাতে, বাহনখনৰ চালকজনকো ক্ষুব্ধ ৰাইজে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।
ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু কিশোৰজনৰ বৰ্তমান অৱস্থাৰ বিষয়ে অধিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
