গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

নগাঁও আৰক্ষীৰ বৃহৎ অভিযান, জব্দ প্ৰায় ৩০ লাখ টকাৰ বাৰ্মিজ চিগাৰেট

RAIJOR BARTA September 09, 2026


 

নগাঁও আৰক্ষীৰ বৃহৎ অভিযান, জব্দ প্ৰায় ৩০ লাখ টকাৰ বাৰ্মিজ চিগাৰেট

ট্ৰাকত সৰবৰাহৰ সময়তে আৰক্ষীৰ জালত এজন AS 03 AC 7700 নম্বৰৰ ট্ৰাক জব্দ

ৰাইজৰ বাৰ্তা / নগাঁও: নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত জব্দ কৰা হৈছে বিপুল পৰিমাণৰ বাৰ্মিজ চিগাৰেট। অভিযানত প্ৰায় ৩০ লাখ টকাৰ মূল্যৰ বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

আৰক্ষীৰ অভিযানত এই চিগাৰেটখিনি সৰবৰাহৰ অভিযোগত তাপস সাহা নামৰ এজন লোকক আটক কৰা হৈছে।

জানিব পৰা মতে, AS 03 AC 7700 নম্বৰৰ এখন ট্ৰাকত বাৰ্মিজ চিগাৰেটখিনি সৰবৰাহ কৰি থকা অৱস্থাতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চিগাৰেটখিনি। অভিযানৰ পাছত ট্ৰাকখনো আৰক্ষীয়ে জব্দ কৰি অধিক তদন্ত আৰম্ভ কৰিছে।

বাৰ্মিজ চিগাৰেটখিনি ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই সৰবৰাহৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান চলাইছে।

নগাঁও আৰক্ষীৰ এই অভিযানক লৈ অবৈধভাৱে বাৰ্মিজ চিগাৰেটৰ সৰবৰাহ কৰা চক্ৰৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে এই সন্দৰ্ভত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Share this article

Facebook Twitter