গুমড়া বজাৰত নিশা আৰক্ষীৰ অভিযান
বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজনক আটক
ৰাইজৰ বাৰ্তা / কাটিগড়া: নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি কাটিগড়াৰ গুমড়া বজাৰত নিশা আৰক্ষীয়ে চলালে অভিযান। অভিযানকালত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে।
আৰক্ষীৰ জালত পৰা যুৱকজনক জয়ৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। গোপন সূত্ৰৰ ভিত্তিত গুমড়া বজাৰত অভিযান চলাই আৰক্ষীয়ে যুৱকজনক আটক কৰাৰ লগতে তেওঁৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে।
আটকাধীন যুৱকজনৰ সৈতে এই নিচাজাতীয় টেবলেটৰ যোগসূত্ৰ আৰু সৰবৰাহৰ আঁৰত কোনো চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ পৰিমাণ আৰু প্ৰকৃতি সম্পৰ্কে আৰক্ষীৰ তদন্তৰ পাছত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
নিচাজাতীয় দ্ৰব্যৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ এই অভিযানক লৈ অঞ্চলটোত চৰ্চা চলিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
