চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক খুন্দিয়াই পলায়ন বাইক চালকৰ, সংকটজনক অৱস্থাত চিকিৎসালৈ প্ৰেৰণ
ৰাইজৰ বাৰ্তা / ডবকা / ৩ ছেপ্টেম্বৰ
ডবকাৰ জয়নগৰৰ সংঘটিত হৈছে এক ভয়ংকৰ হিট এণ্ড ৰানৰ ঘটনা। পথ পাৰ হোৱাৰ সময়তে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক খুন্দিয়াই পলায়ন কৰে এখন বাইকৰ চালকে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মোৰাঝাৰ জ্ঞানজ্যোতি একাডেমীৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৰেজিফা খান। সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইফালে, সমগ্ৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে জয়নগৰৰ CCTV কেমেৰাত। CCTV ফুটেজৰ ভিত্তিত পলায়ন কৰা বাইকখন আৰু চালকজনক চিনাক্ত কৰাৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আহত ছাত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে দোষী বাইক চালকজনক শীঘ্ৰে আটক কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।
