গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

যোৰহাটত প্ৰশাসনৰ নতুন ঠিকনা

RAIJOR BARTA September 13, 2026


 

যোৰহাটত প্ৰশাসনৰ নতুন ঠিকনা

৪৯.৬২ কোটি টকা ব্যয়েৰে নিৰ্মিত নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱন ৰাইজৰ সেৱাত উৎসৰ্গা মুখ্যমন্ত্ৰীৰ

ৰাইজৰ বাৰ্তা /যোৰহাট: যোৰহাটৰ প্ৰশাসনিক ব্যৱস্থাত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ। ২০২২ চনৰ ১৫ ডিচেম্বৰত শিলান্যাস কৰা চিনামৰাৰ ৫৩ বিঘাৰো অধিক ভূমিত ৪৯.৬২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱনটো আজি ৰাইজৰ সেৱাত উৎসৰ্গা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

                 


ঐতিহ্য আৰু আধুনিকতাৰ সংমিশ্ৰণেৰে নিৰ্মাণ কৰা এই নতুন প্ৰশাসনিক ভৱনটোৱে যোৰহাটৰ প্ৰশাসনক অধিক গতিশীল আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

            


১৯১৪ চনত ব্ৰিটিছৰ শাসনকালত নিৰ্মাণ কৰা ঐতিহ্যমণ্ডিত ‘ৰঙা ক’ৰ্ট’ৰ পৰা আধুনিক সা-সুবিধাৰে সমৃদ্ধ এই নতুন ঠিকনালৈ যোৰহাটৰ প্ৰশাসনে এতিয়া নতুন গতি আৰু নতুন শক্তিৰে আগবাঢ়িব। ৰাইজক অধিক সহজ, ক্ষিপ্ৰ আৰু সুসংগঠিতভাৱে সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে এই সংহত কাৰ্যালয় ভৱন।

          


ভৱনটোত ১৫১ আসনযুক্ত প্ৰেক্ষাগৃহ, ৬০ আসনযুক্ত সভাগৃহ, ৫০ কিলোৱাট ক্ষমতাৰ সৌৰ শক্তি ব্যৱস্থা, পৰ্যাপ্ত পাৰ্কিং ব্যৱস্থা আৰু কৰ্মচাৰীৰ বাবে আৱাসিক সুবিধাকে ধৰি বিভিন্ন আধুনিক সা-সুবিধা সংযোজন কৰা হৈছে। এই আন্তঃগাঁথনিয়ে প্ৰশাসনিক কাম-কাজ অধিক সুচল কৰাৰ লগতে সাধাৰণ ৰাইজৰ বাবে চৰকাৰী সেৱা লাভৰ প্ৰক্ৰিয়াও অধিক সহজ কৰি তুলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

         


ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে আভাষীয়ভাৱে লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসো ৰাইজৰ বাবে মুকলি কৰে। ১৯৮৩ চনত প্ৰতিষ্ঠা লাভ কৰা লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনে ছাত্ৰ-ছাত্ৰীসকলক উন্নত শৈক্ষিক পৰিৱেশ প্ৰদান কৰাৰ লগতে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ নতুন ছাত্ৰী নিৱাসে ছাত্ৰীসকলৰ বাবে অধিক সুৰক্ষিত আৰু স্বাস্থ্যকৰ আৱাসিক পৰিৱেশ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে দিনটোৰ আৰম্ভণিতে যোৰহাটবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প হিচাপে চিনামৰা ৰে'লৱে উৰণসেতুখনো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ সেৱাত উৎসৰ্গা কৰে।

একে দিনাই ৰে'লৱে উৰণসেতু, সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু শিক্ষাখণ্ডৰ নতুন আন্তঃগাঁথনি মুকলি হোৱাত যোৰহাটৰ উন্নয়ন যাত্ৰাত আজি সংযোজিত হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

Share this article

Facebook Twitter