গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

পৰকীয়া প্ৰেমৰ পৰিণতিতে বশিষ্ঠপুৰৰ জঘন্য কাণ্ড!

RAIJOR BARTA September 07, 2026


 

পৰকীয়া প্ৰেমৰ পৰিণতিতে বশিষ্ঠপুৰৰ জঘন্য কাণ্ড!

নিথৰ দেহৰ কাষতে ভাত ৰান্ধি খোৱাৰ চাঞ্চল্যকৰ তথ্য, পোহৰলৈ আহিছে দেশ জোকাৰি যোৱা ঘটনাৰ নতুন তথ্য

ৰাইজৰ বাৰ্তা / গুৱাহাটী: দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা বশিষ্ঠপুৰৰ জঘন্য কাণ্ডত এটাৰ পাছত আন এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, পৰকীয়া প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছিল বুলি অভিযোগ উঠিছে এই নৃশংস ঘটনা।

ঘটনাৰ সৈতে জড়িত ৰামানুজে নিথৰ দেহৰ কাষতে ভাত ৰান্ধি খাইছিল বুলিও তদন্তত চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ দাবী কৰা হৈছে। এই তথ্য পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ বিভিন্ন দিশত তদন্ত অব্যাহত ৰাখিছে। পৰকীয়া প্ৰেমৰ সম্পৰ্ক, ঘটনাৰ আঁৰৰ উদ্দেশ্য আৰু ঘটনাৰ সৈতে জড়িত আন কোনো লোকৰ ভূমিকা আছিল নেকি, সেই সন্দৰ্ভতো তদন্তকাৰী সংস্থাই তথ্য-প্ৰমাণ সংগ্ৰহ কৰি আছে।

বশিষ্ঠপুৰৰ এই জঘন্য কাণ্ডই পুনৰ এবাৰ সমাজত পৰকীয়া সম্পৰ্কৰ ভয়ংকৰ পৰিণতি আৰু মানৱীয় মূল্যবোধৰ অৱক্ষয়ক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

Share this article

Facebook Twitter