গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

থিতাতে নিহত ৰঞ্জন শইকীয়া

RAIJOR BARTA September 16, 2026

 

  

প্ৰাতঃভ্ৰমণলৈ ওলাই অহা লোকক মহটিয়াই পলায়ন অচিনাক্ত বাহনৰ
ঘৰৰ সন্মুখতে সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত ৰঞ্জন শইকীয়া

ৰাইজৰ বাৰ্তাৰ প্ৰতিবেদক

নাৰায়ণপুৰৰ ভোগপুৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণলৈ ওলাই অহা এজন লোকক অচিনাক্ত বাহনে মহটিয়াই থৈ যোৱাৰ ফলত থিতাতে নিহত হয় ৰঞ্জন শইকীয়া নামৰ লোকজন।

জানিব পৰা মতে, পুৱাই প্ৰাতঃভ্ৰমণৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল ৰঞ্জন শইকীয়া। সেই সময়তে ঘৰৰ সন্মুখতে দ্ৰুতগতিত অহা এখন অচিনাক্ত বাহনে তেওঁক মহটিয়াই থৈ যায়। দুৰ্ঘটনাৰ পাছতে বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰঞ্জন শইকীয়াক উদ্ধাৰৰ চেষ্টা কৰা হয় যদিও ঘটনাস্থলীতে তেওঁৰ মৃত্যু ঘটে। শোকাৱহ ঘটনাটোৱে সমগ্ৰ ভোগপুৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

ইফালে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। পলায়ন কৰা অচিনাক্ত বাহনখন চিনাক্ত কৰি চালকজনক আটক কৰাৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Share this article

Facebook Twitter